মাতৃভাষা

ভাল পাওঁ আমি আমাৰ

মৰমৰ মাতৃভাষা,

প্ৰকাশ কৰো সহজে সকলো

অনুভূতি ও মনৰ আশা |

নানা ভাষা শিকো আমি

দেশী, বিদেশী আৰু অন্যান্য,

অতিকৈ আপোন সবাটোকৈ সুৱলা

হে মাতৃভাষা তুমি ধন্য |

বিশ্বৰ সৈতে খোজ মিলাবলৈ

অতি আৱশ্যক ইংৰাজী শিক্ষা,

সেইবুলি জানো অৱহেলা কৰিম

নিজ মাতৃভাষাৰ পঢ়া-লিখা ?

 

[প্ৰকাশ: ‘আৰম্ভণি’ ; তাৰিখ: ২০ জুন ২০১৩]

Leave a comment