দেৱালয়

আমি সকলোৱে ভগৱানক বিশ্বাস কৰোঁ আৰু দেৱালয় দৰ্শন কৰি ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা কৰোঁ | “দেৱালয়” দুটা শব্দৰে গঠিত – “দেৱ” আৰু “আলয়” | “দেৱ” মানে দেৱতা বা দেৱী আৰু “আলয়” মানে ঘৰ | সাধাৰণ অৰ্থত দেৱী-দেৱতাৰ ঘৰ | ইয়াক মন্দিৰ, ধাম, দ’ল বুলিও কয় | অসমৰ নানা ঠাইত বহুতো বিখ্যাত দেৱালয় আছে |

১. কামাখ্যা

কামাখ্যা শক্তিপীঠ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত | এই দেৱালয়লৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অলেখ ভক্ত আহে মনৰ কামনা পূৰণৰ বাবে | বহুত পৌৰাণিক কথা এই মন্দিৰৰ লগত জড়িত আছে | নৰকাসুৰ নামৰ এক অসুৰে কামাখ্যা দেৱীক বিয়া কৰিবলৈ বিচাৰিছিল | অসুৰটোৱে প্ৰস্তাৱটো দিয়াত দেৱীয়ে এটা বুদ্ধি সাজিলে | তেওঁ নৰকাসুৰক ক’লে যে যদি এৰাতিৰ ভিতৰতে সি নীলাচল পাহাৰৰ তলৰ পৰা ওপৰত থকা মন্দিৰলৈ এটা চিৰি সাজিব পাৰে তেন্তে তেওঁ তাৰ সৈতে বিয়া হ’ব | নৰকাসুৰে স্বৰ্ত্তটো মানি ল’লে আৰু ৰাতি হোৱাৰ লগে লগে কামত লাগিল | চিৰিটো প্ৰায় সম্পূৰ্ণ হ’বলৈ ধৰাত দেৱী বিপাঙত পৰিল | তেওঁ তেতিয়া কুকুৰা এটাক ডাক দিয়ালে আৰু পুৱা হ’ল বুলি ঘোষণা কৰিলে | নৰকাসুৰ হাৰিল | সেই আধা সজা চিৰিটোক “মেখেলা উজোৱা পথ” বুলি জনা যায় |

২. নৱগ্ৰহ

এই দেৱালয় গুৱাহাটীৰ দক্ষিণ-পূব দিশে থকা চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত | ৰবি, চন্দ্ৰ, মঙল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু – এই ৯টা গ্ৰহক ইয়াত পূজা কৰা হয় |

৩. দৌল-গোবিন্দ

উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰ অঞ্চলত এই দেৱালয় অৱস্থিত | ইয়াত নিতৌ পূজা-অৰ্চনা কৰা হয় আৰু শেষত সকলো ভক্তকে ভোগ বিতৰণ কৰে| দৌল পূৰ্ণিমাত এক আনন্দমুখৰ পৰিবেশ দেখা যায় |

৪. উমানন্দ

গুৱাহাটীৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰ নদীৰ এক দ্বীপত এই দেৱালয় অৱস্থিত | হিন্দু শাস্ত্ৰৰ মতে এই ঠাই ভগৱান শিৱই সৃষ্টি কৰিছিল তেওঁৰ পত্নী “উমা”ৰ আনন্দৰ বাবে | সেয়ে নামকৰণ হ’ল “উমানন্দ” |

৫. মহাভৈৰৱ

এই প্ৰসিদ্ধ দেৱালয় তেজপুৰত অৱস্থিত | শিৱৰাত্ৰিৰ দিনা ইয়াত বহুতো ভক্তৰ সমাগম হয় | ইতিহাসৰ মতে, ই বহুত পুৰণি আৰু শিলেৰে নিৰ্মিত | ভূমিকম্পত কিছু অংশ নষ্ট হোৱাত নতুনকৈ নিৰ্মাণ কৰোঁতে চিমেন্ট, বালি আদি ব্যৱহাৰ কৰা হৈছিল |

৬. শিৱ-দ’ল

শিৱসাগৰৰ বিশাল বৰপুখুৰীৰ পাৰত এই দেৱালয় অৱস্থিত | শাওণ মাহত ইয়ালৈ বহুতো তীৰ্থযাত্ৰী আহি শিৱলিঙ্গত পৱিত্ৰ পানী আৰু গাখীৰ ঢালি পূজা কৰে |

 

[প্ৰকাশ: ‘আৰম্ভণি’; তাৰিখ: ১৯ ডিচেম্বৰ ২০১৩]

  1. Leave a comment

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s

%d bloggers like this: